Antonym Global Publishing
Volver al catálogo
Ekantot Bonphul

Ekantot Bonphul

Dr. Maitrayee Patar

‘Ekantot Bonphul’ is a collection of love poems written in Assamese. In the poems, love is expressed as a witness to an inherent melancholy that springs from the evolution of nature, civilization, power, and women.

LanguageAssamese
FormatPaperback
Pages128
ISBN9789347571473

Descripción

‘একান্তত বনফুল’ মৈত্রেয়ী পাটৰৰ তৃতীয় কাব্য সংকলন। সন্নিৱিষ্ট কবিতাসমূহৰ বিষয় প্রেম। এই প্ৰেমৰ আধাৰ অৱশ্যে প্রাপ্তি কিম্বা অপ্রাপ্তিৰ বোমাঞ্চ নহয় চিৰন্তন সময়ক প্রদক্ষিণ কৰি থকা প্ৰকৃতিৰ ক্ৰমবিবর্তিত ৰূপ, তাৰ বোধে প্রকৃতিৰ সন্তান নাৰীৰ চেতনাত জন্ম দিয়া সুখ অথবা দুখ, সভ্যতা তথা শক্তিৰ ব্যাপ্তিৰ সমান্তৰালকৈ মানুহৰ পৃথিৱীত ক্রমশঃ বাঢ়ি অহা অধিগ্রহণৰ তৃষ্ণা কিম্বা যুদ্ধকামনা এই কাৰকসমূহে মৈত্রেয়ীৰ প্ৰেমৰ কবিতাক দিছে এক সার্বজনীন বিষণ্ণতা তথা অপৰাধবোধ। কবিতাখিনিত সেয়ে প্রেম যদি কেতিয়াবা প্রথম নাৰীয়ে প্রকৃতিৰ শিল-বুকুত আঁকা ছবিৰ প্ৰথম আঁক, কেতিয়াবা সি বিষণ্ণ পৰ্বতৰ শিলাময় গাত ফুল বাছি থকা এটি বনপখী। তেনেদৰেই, কেতিয়াবা যদি প্রেম বিস্মৃতিৰ মাটিত পোত খাই যোৱা এটা আইনাব বৈয়াম, কেতিয়াবা আকৌ সি সময়- ভাগৰুৱা এজন তিনিমুৰীয়া বৃদ্ধৰ দৰে যি সাগৰতীৰত বহি বয়। ‘একান্তত বনফুল’ত পঢ়ুৱৈয়ে শব্দ, সুৰ আৰু মৌনতাক একেডাল সূঁতাৰে বন্ধা মৈত্রেয়ীৰ কবিতাৰ একাকী জগতখনৰ সন্ধান পাব।